Followers

Saturday 23 February 2019

চুলাই মদ আৰু মদাহী ?

চুলাইৰ কথা অমৃত সমান

১, উদয়াস্ত পৰিশ্ৰম কৰি ৩০০ টকাও বেতন নোপোৱা মানুহে যেতিয়া গম পাব যে তেঁওলোকে ফাৱতে ২৫০০ টকা পাই গল আৰু ইলেকচনৰ আগতে আৰু ২৫০০ টকা পাই যাব ৷ সামান্য শিক্ষা বা অৰ্ধ শিক্ষিত মানুহে যদি কাম নকৰাকৈ ইমান পইচা পাই যায় তেন্তে কৰিব কি? চুলাই নাখাই খাব কি? চাউল চেনীও ফ্ৰি ৷
২, হাতী- মানুহ সংঘাতত যিমান মানুহ মৰিছে তাৰ অধিকাংশই একেটা জনগোষ্ঠীৰ ৷ কাৰণ চুলাই ৷ হাতীৰ ঘ্ৰাণশক্তি তীব্ৰ ৷ সেয়ে লালী গুৰৰ লুভীয়া বন্যহস্তীয়ে গুৰ বিচাৰি চুলাই খোৱাজনৰ ঘৰ বা ভাটীত নিশা প্ৰবেশ কৰে ৷ চুলাইৰ নিচাত নিদ্ৰাৰত বহুজনৰ প্ৰাণ যায় হাতীৰ গচকত ৷
৩, চৰকাৰে পৰম্পৰাগত সুৰাক গুৰুত্ব দিব বা উন্নীত কৰণৰ পোষকতা কৰিব বুলি দিছপুৰত ঘোষণা কৰিবলৈহে পালে ৷ নগৰে চহৰে, অলিয়ে গলিয়ে পৰম্পৰাৰ নামত চুলাইৰ বটল ৰাজপথৰ কাষত থিয় হৈ গল ৷
৪, আবকাৰীয়ে ধৰিবহে পাৰে ৷ ৰাখি থব নোৱাৰে ৷ আইনখন কি?
৫, আবকাৰীয়ে ধৰাজনক লৈ পুলিচে মিছাতে ঝেঙত সোমাব নিবিচাৰে ৷
৬, পেপাৰ দিয়া হকাৰৰ দৰে এতিয়া গ্ৰামাঞ্চলত সুৰাৰ হকাৰ আছে ৷ উঠনাত খাব পৰা বস্তু হলগৈ সুৰা ৷
৭, খেদি খেদি চুলাই বেপাৰীক ধৰা আবকাৰী বিষয়াক কাৰ নিৰ্দেশত তৎকালে বদলি কৰা হয় ৷
৮, এতিয়া চুলাই মদাহীয়ে ঘৈনীয়েকক নকব বুলি ভাবিছে নেকি -- জীৱনত তোক একো দিব নোৱাৰিলো, মদ খাই মৰি যাম !! চৰকাৰে দুই লাখ দিব ৷ তই হাতৰ কাণৰ কেৰু মণি কিনি লবি!
৯, মদ বন্ধ হব বুলি কোনো মুৰ্খই ঘোষণা নকৰে ৷
১০, মদে শতাধিকৰ জীৱন বন্তি নুমুৱাই দিয়াতহে কাৰোবাৰ নিচা ফাটিল ৷ মদাহীৰ বাবে কিমান পৰিয়াল আৰু প্ৰতিবেশীয়ে নিৰ্যাতনৰ মাজেৰে উজাগৰি নিশা কটাইছে তাৰ পৰিসংখ্যা কাৰ ওচৰত আছে? ?
১১, আধ্যাত্মিকতাৰ দীঘল ফোট লোৱা মানুহৰ কিছু নৈতিকতাও থকা উচিৎ ৷
দেশ- সমাজ ৰসাতলে যাওক ৷ কাৰ কি আহে যায় ৷ চুলাই খোৱাই থাকিলেই যদি ৰজা হৈ থাকিব পাৰি ৷

No comments:

Post a Comment