Followers

Tuesday 30 January 2018

অসমৰ উচ্চশিক্ষা ৱ্যৱস্হা

অসমৰ উচ্চশিক্ষা ৱ্যৱস্হা

দিপাংকৰ চৌধুৰী
ভৱানীপুৰ, অসম ৷




        ভাৰতীয় শিক্ষা ৱ্যবস্হাৰ বিষয়ে কোৱা  আৰাম্ভ কৰিলে শেষ কৰাটো অসম্ভৱ৷ আজিৰ যুগত ভাৰতীয় শিক্ষা ৱ্যবস্হাটোৰ ওপৰত কাৰ কিমান আস্হা আছে সেই বিষয়ে নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই৷ বিশ্বৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয থকা দেশখনৰ শিক্ষা ৱ্যবস্হাটো ইমানে উন্নতমানৰ যে পিয়নৰ চাকৰিৰ কাৰণে LLB, BE, MBA, PhD, M Phil ডিগ্ৰী থকা নিবনুৱাৰ লানি নিচিঙা ভিৰ৷ শিক্ষা এনেকুৱা মানদন্ডৰ যত উচ্চ শিক্ষা লোৱাৰ পিছতো নিজে নিজৰ ভৰিত থিয় হব নোৱাৰে৷ অৱশ্যে আজিৰ বিষযবস্তু অসমৰ উচ্চ শিক্ষাৰ দুটামান কামৰ বৰ্ননা৷ বহুত দিনৰ পৰা ভাবি আছিলোঁ এই বিষয়ত কিবা অলপ লিখিম বুলি। পিছে আজি অসমৰ উচ্চ শিক্ষাৰ জাননী খন পাই লিখিম বুলিএ থিৰাং কৰিলো । আজি কেইদিন মান আগত অসমৰ শিক্ষা বিভাগৰ পৰা M Phil আৰু PhD ৰ যিকোনো এটাৰ হে মাৰ্ক দিব বুলি কিবা এখন Notification ওলাইছিল ৷ এই খবৰটো মোৰ লগত একেলকে B.Sc আৰু M.Scত পঢ়া বন্ধু দুজনমানৰ মূৰত বিনা মেঘে বজ্ৰপাত পৰা দি পৰিল কাৰণ তেওলোকে সকলো কাম এৰি চৰকাৰী বিশ্ববিদ্যালয়ত PhD কৰি আছে আৰু মইও এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত M Phil কৰি আছো , গতিকে খবৰটো মই তেওলোকৰ পৰা তেনেধৰনে পালো আৰু দিয়াৰ মূল কাৰণ PhD আৰু M Phil ত মাত্ৰ দুই নম্বৰৰ পাৰ্থক্য ৷


 আজি আকৌ খবৰ পলো যে সেইখন পুনৰ আঁতৰাই ললে। কথাটো এইটো নহয় যে Interviewত কত কিমান মাৰ্ক দিছে ,কথাটো হল উচ্চ শিক্ষাত শিক্ষক নিযুক্তিত ইমান সঘনাই নিয়ম পৰিৱৰ্তন হোৱাটো এককেবাৰে শুভ লক্ষণ নহয়। ঠিক আছে মানি লোৱা হ'ল পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। তেতিয়া হলে পৰিৱৰ্তনতো সেইসকলৰ লগতো হব লাগিছিল যিসকল আজিৰ inflationary  মাৰ্কিং চিষ্টেমৰ পঢ়া নাছিল। দহ -বাৰ বছৰ আগৰ প্ৰথম বিভাগৰ প্ৰথম আৰু আজিৰ জনৰ মাজত জানো জ্ঞানৰ ভেদ আছে। হয় আছে, আগৰ জনে 60 শতাংশ  পাই  সেই স্থান পাইছিল আৰু আজিৰ  জনে 90  শতাংশ পাই সেই স্থান পাই। তাত দোষ কাৰ? কাৰোতো নাই । তেতিয়া হলে কিয় নিযুক্তিৰ সময়ত কেৱল নম্বৰ চিষ্টেমেৰে তেওঁলোকক জোখ লোৱা হৈছে, কিয় দুয়ো জনৰ পৰা সেই একেই 20 শতাংশ বা 25  শতাংশ ই লোৱা হৈছে। M Phil, PhD বাদ দিলোঁ আৰু যদি কিবা ডিগ্ৰী ও আছে তেতিহলেও আগৰ সকলে আজিৰ এই নতুন মাৰ্কিং চিষ্টেম ৰ লগত ফেৰ মাৰিব  নোৱাৰে। তেতিয়াহলে ভুল হৈ থকা নাই নে ব্যৱস্থাটোত। বিষয়টো বহুত গভীৰ। উপলব্ধি কেৱল সেইসকলেহে কৰিব যাৰ লগত তেনে হৈছে ৷



       অসমতো একেখন এ, তেতিয়াহলে GU, Cotton, DU  কাৰো মাৰ্কিং চিষ্টেমৰ মাজত সামঞ্জস্য নাই কিয়? কোনোবাই যদি কৈছে 8 মানে প্ৰথম বিভাগ কৰবাত আকৌ সেই একেই grade ত 75 ৰ ওচৰ পাই । কিমান যে confusion !  কিয় মাৰ্কিং চিষ্টেম তো একে হব নোৱাৰে? যদি অসমৰ উচ্চ শিক্ষা বিভাগে API চিষ্টেমৰেই ভৱিষ্যতে নিযুক্তি দিব বিচাৰে তেন্তে এইবোৰ কথা গুৰুত্ব সহকাৰে লোৱা উচিত।অসমৰ উচ্চ  শিক্ষাত   বহুত গৱেষণাৰ অভাৱ আছে যেন মোৰ ব্যক্তিগতভাৱে অনুভৱ হয় । সিদ্ধান্তব বোৰ গৱেষণাৰ ভিত্তিত হব লাগে যাৰ দ্বাৰা সকলো শ্ৰেণীৰ মানুহে অনাগত দিনবোৰত উপকৃত হব পাৰে ৷


Previous Notification: 05/01/2018




Latest Notification: 30/01/2018







No comments:

Post a Comment