Followers

Tuesday 22 May 2018

শংকৰদেৱ শিশু নিকেতন, হিন্দুত্ববাদ আৰু ভৱিষ্যত

শংকৰদেৱ শিশু নিকেতন, হিন্দুত্ববাদ আৰু ভৱিষ্যত

অসমত সংখ্যাগত দিশৰ পৰা থকা প্ৰায় ৫০০ খন শংকৰদেৱ শিশু নিকেতনক শিশু শিক্ষা সমিতি অসম নামৰ এটা সংস্থাই পৰিচালনা কৰে আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অন্য নামত এনেকুৱা নানা বিদ্যালয়গোট অৱস্থিত, যাক বিদ্যা ভাৰতী নামৰ এটা বেচৰকাৰী সংস্থাৰ তৰফৰ পৰা পৰিচালনা কৰা হয়। এই বিদ্যা ভাৰতী হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাতৃ সংস্থা। উল্লেখযোগ্য যে, অতি উগ্ৰ হিন্দুত্ববাদী সংস্থা এটাৰ ভাতৃ সংগঠনৰ দ্বাৰা পৰিচালিত হোৱা বাবেই বিগত সময়চোৱাত শংকৰদেৱ শিশু নিকেতনসমূহৰ ওপৰত হিন্দুত্বৰ মোহৰ লগাবলৈ নানা ধৰণৰ প্ৰয়াস কৰি অহা হৈছে।

যোৱাটো শতিকাৰ অষ্টম দশকতে অসমত আৰম্ভ হোৱা এই নিকেতনৰ ওপৰত প্ৰথম আঙুলি টোঁৱাই বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই ছাৰে। ২০১৩ চনত তেওঁৰ এই সন্দৰ্ভত এটা প্ৰৱন্ধ প্ৰকাশ হয়, য'ত তেওঁ নিকেতনৰ 'প্ৰতিজ্ঞা'ত (যিটো দিনপঞ্জীৰ সন্মুখ পৃষ্ঠাত থাকে) হিন্দুত্ববাদৰ বীজ দেখুৱাই দিয়ে। তাক শিশু শিক্ষা সমিতিৰ সভাপতি অতুলানন্দ গোস্বামী ডাঙৰীয়াই খণ্ডন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা নিকেতনৰ ঠাই বিশেষে মুছলমান ছাত্র ছাত্ৰীৰ পৰিমাণ উল্লেখ কৰি ব্যাখ্যা আগবঢ়ায়। তেতিয়াৰে পৰা এই প্ৰসংগটো বিভিন্ন ক্ষেত্ৰত বাৰে বাৰে উত্থাপন হৈ থকা দেখা গৈছে।

আমি বাৰ বছৰ সেই নিকেতনৰ ছাত্ৰ হৈ থকাৰ অভিজ্ঞতাৰে এই প্ৰসংগত কিছু কথা ফঁহিয়াই চাব বিচাৰিছোঁ।

১/ বৰ্তমানে অসমত অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ যি প্ৰতিযোগিতা চলি আছে, তাত অসমীয়া মাধ্যমৰ পক্ষ সবল কৰি ৰখাত জাতীয় বিদ্যালয়ৰ লগতে নিকেতনসমূহৰ প্ৰৱল অৰিহণা আছে। খ্ৰীষ্টান মিছনেৰী বিদ্যালয়ৰ পৰিৱৰ্তে নিকেতনসমূহৰ(এক মুহূৰ্তৰ কাৰণে হিন্দু বিদ্যালয় বুলি ধৰি ল'লেও) পক্ষত ই এটা সবল যুক্তি

২/ অসমৰ এটা প্ৰজন্ম গঢ়ি তোলাত নিকেতনসমূহৰ অৰিহণা যথেষ্ট।(বৰ্তমান সময়ত আপুনি কলেজ এখনলৈ যাওক, তৰ্ক এখনলৈ যাওক, কবিতা প্ৰকাশ পোৱা বাতৰিকাকত মেলক তাৰ যিকোনো চাৰিটা নামৰ এটা নিকেতনৰ উৎপাদন হোৱাটো প্ৰায় নিশ্চিত) মন কৰিবলগীয়া কথাটো হ'ল-- এই প্ৰজন্মটোত বামপন্থী, জাতীয়তাবাদী, হিন্দুত্ববাদী সকলো আছে আৰু অসমীয়াৰ স্বাৰ্থৰ যুজঁখনত প্ৰয়োজনীয় সময়ত চামিল হৈছে। অথচ ইংৰাজী মাধ্যমত পঢ়া বেছিভাগে এই ক্ষেত্ৰত আৱেগিক একাত্মতাৰ অভাৱৰ কাৰণে দূৰে দূৰেই ৰৈ গৈছে। অৰ্থাৎ এটা কথা স্পষ্ট যে, নিকেতনসমূহ হিন্দুত্ববাদী নিৰ্মাণৰ কাৰখানা নহয়। ছাত্র ছাত্ৰীসকলক মতাদৰ্শ নিৰ্বাচন কৰাৰ মানসিকতা আৰু পৰিৱেশ প্ৰদানৰ সহনশীলতা নিকেতনে দেখুৱাইছে।

৩/ আমি বিদ্যালয়ত পঢ়ি থকাৰ পৰা জ্যোতি, বিষ্ণু, ভূপেন, পাৰ্বতীৰ গান শুনি; বেজবৰুৱা, মালিকৰ সাহিত্যকীৰ্তি পঢ়ি ডাঙৰ হৈছোঁ। যিকোনো ধৰ্ম নিৰপেক্ষ আখ্যা পোৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীতকৈ কোনো গুণেই কম পঢ়া নাই, শুনা নাই। আমাৰ বিদ্যালয়বোৰৰ বতাহত অসমীয়া অসমীয়া গোন্ধ এটা আছে, শ্ৰেণীকোঠাৰ বাহিৰে ভিতৰে।

৪/ কোনোবা দুজন আচাৰ্যক RSSৰ সভাত দেখি আচৰিত হোৱাৰ পূৰ্বে আন দুজন আচাৰ্য যে ছাত্ৰ সন্থাৰ সদস্য সেয়া কাণ উনাই শুনা উচিত। কৰ্মচাৰীক নিজৰ পছন্দৰ মতাদৰ্শ সলনি কৰিবলৈ বোধকৰোঁ নিকেতনসমূহে বাধ্য কৰোৱা নাই।

৫/ আমি পঢ়া সময়চোৱাত নিকেতনসমূহত একপ্ৰকাৰৰ Autonomy দেখিছিলোঁ। প্ৰধান আচাৰ্য আৰু পৰিচালনা সমিতিৰ পৰিকল্পনাত বিভিন্ন পদক্ষেপ লোৱা হৈছিল। বিভিন্ন ধৰণৰ দিৱস পালন (শিল্পী দিৱস, ভূপেন হাজৰিকাৰ মৃত্যু দিৱস আদি) (আমি কোনো দিন দীনদয়ালৰ জন্ম জয়ন্তী, গুৰুজীৰ মৃত্যু তিথি পাতি নাপালোঁ), ছাত্ৰীসকলক এটা বাৰে মেখেলা চাদৰ গণৱেশ ৰূপে দিয়া (কেৱল নাৰীক জাতিৰ মান ৰক্ষাৰ ভাৰ দিয়াৰ তৰ্কটো হ'ব পৃথক) আদি। সাধাৰণ সম্পাদক হৈ একেবাৰে বিদ্যালয়ৰ ভিতৰখন তন্ন-তন্নকৈ দেখা পাওঁতেও শিশু শিক্ষা সমিতিৰ পৰা কোনো কামৰ বাবে নিৰ্দেশ বা চাপ অহা দেখা নাপালোঁ।

৬/ এই আটাইকেইটা দিশৰ লগত খ্ৰীষ্টান মিছনেৰী স্কুলৰ তুলনা কৰিলেই নিকেতনৰ ধৰ্ম নিৰপেক্ষতা, ধৰ্ম জাপি নিদিয়াৰ সহনশীলতা, অসমীয়া সংস্কৃতি ৰক্ষাত ভূমিকা (বৰ্তমান সময়ত যিটোৰ প্ৰয়োজন সৰ্বোচ্চ) আটাইবোৰ দিশ স্পষ্ট হৈ পৰে।

এই আটাইবোৰ দিশ দেখাৰ পিছতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমলৈ অহাৰ পাছৰ সময়চোৱাত নিকেতনসমূহৰ স্পষ্ট আৰু নিকা চৰিত্র সলনি কৰিবলৈ পদক্ষেপ লোৱা হৈছে যেন ভাৱ হয়। লুইতপৰীয়া হিন্দু সমাৱেশতে এই কথা বাহিৰৰ পৰাও জিলিকি উঠিছে। বিদ্যালয়সমূহক কিছুমান কাম কৰিবলৈ, পদক্ষেপ ল'বলৈ বাধ্য কৰোৱা হৈছে। পূৰ্বৰ Autonomy আৰু তিষ্ঠি ৰোৱা নাই। প্ৰায় ৩৫ বছৰ কাল কোনোৱে টু এটাও ক'ব নোৱাৰাকৈ অসমৰ স্বাৰ্থত থিয় দি ৰোৱা শংকৰদেৱ শিশু নিকেতনসমূহৰ এনে অবাঞ্চনীয় পৰিৱৰ্তনে সাধাৰণজনৰ হৃদয়ৰ পৰা বিদ্যালয় গোটটোক আঁতৰাই নিব। লাহে লাহে অঞ্চলবোৰত গণভিত্তি হেৰুৱাব। তেনে হ'বলৈ গ'লে আমিও দ্বিতীয়বাৰ নিকেতনৰ পক্ষত কিবা লিখিবলৈ ল'লে বিবেকৰ পৰা বাধা পাম। কৰ্তৃপক্ষই মনত ৰখা ভাল যে, গণিতৰ পূৰণ অংকত হাজাৰটা সংখ্যাৰ শক্তিকো মাত্ৰ এটা শূন্য‌ই পূৰণফল শূন্যত পৰিণত কৰিব পাৰে।

(Debasish Burhagohain ৰ পৰা সংগ্ৰিহিত !)

No comments:

Post a Comment