Followers

Saturday 23 February 2019

বাগান আৰু বাগানিয়াৰ উদাৰতা।

:আৰে মুৰ্গী কিতনা কা ৰে?
বজাৰলৈ আহি বাগানৰ শ্ৰমিকে সোধে।
:একছ আছী ৰূপয়া-মুৰ্গী বেপাৰীয়ে দাম কয়।
: দৌছ' ৰূপয়া লে লে ৰে।

এশ আশী টকাৰ মুৰ্গী দুশটকাত কিনি লৈ যায় মগলু-জগনুৱে। টকালৈ পৰোৱা নকৰে। দহ টকাৰ সামগ্ৰী বিশটকাত কিনি আনন্দ মনেৰে গুছি যায়।

কাৰণ তেওঁলোকৰ বোনাচ হৈছে। বোনাছ বছৰত এবাৰেই হয়। দুৰ্গাপূজাৰ প্ৰাকমূহূৰ্তত।

চাহ শ্ৰমিকৰ বিষয়ে আলোচনা হ'লেই বন্ধু প্ৰাণজিতে Pranjit Saikia এই কাহিনীটো সদায়েই কয়। প্ৰাণজিতে বাগিচাৰ সৈতে নিজৰ সম্পৰ্কৰ কথা গৌৰৱেৰে কয়। মই নিশ্চিত যে- চুলাই খাই এশতকৈ অধিক চাহ শ্ৰমিকৰ মৃত্যু হোৱাৰ সময়তো এই কথা ৰাজহুৱাকৈ কৈছে। প্ৰাণজিতে খুব ভালকে ছাঁদ্ৰী (চলিত ভাষাত বাগানীয়া) ক'ৱ পাৰে।

চফ্ৰাইৰ বাগান বজাৰ গৰম হৈ থাকে। কিন্তু বোনাচ দিয়াৰ সপ্তাহ বজাৰ 'পাগলা' হৈ যায়। দাম যদি দহ টকা, বাগানৰ শ্ৰমিকে বিশ টকা জোৰ-জবৰদস্তি দিবলৈ পৰোৱা নকৰে। এলেকাটোৰ ধনী মানুহখিনিয়েও বোনাছ বজাৰলৈ যাবলৈ ভয় কৰে। কাৰণ মানুহখিনি অবিশ্বাস্যভাবে উদাৰ হৈ পৰে।

কাৰণ তেওঁলোক টকাৰ মুখলৈ নোচোৱা মানুহ। যি কেৱল শ্ৰম কৰিব জানে। শ্ৰমৰ বিনিময়ত যি পায় তাতেই সুখী হৈ থাকে।

এসময়ত শোষণৰ বলি হৈছিল। পিছত আৰম্ভ হ'ল প্ৰবঞ্চনা।

দুৰ্গা দেবীৰ প্ৰতি আগাধ ভক্তি। এদিন তেওঁলোকক বুজাইছিল- ইন্দিৰাই দুৰ্গা। তেতিয়াৰ পৰা দুৰ্গামাইৰ হাতখন খামুচি ধৰি আছিল। এইবাৰ বুজালে দুৰ্গামাই এইবছৰ হাতত পদুম লৈ আহিছে।

বুজি গ'ল একেবাৰতে। বাগানত পদুম ফুলিল।

সাপ্তাহিক মজুৰীৰ টকা কেইটা দেওবাৰেই শেষ হ'ব লাগিব। নহ'লে সোমবাৰে কামলৈ নাযাবও পাৰে। যৎসামান্য যি কেইটা মজুৰী দিয়ে, সেয়াও দেওবাৰে সন্ধিয়াৰ ভিতৰত খৰছ কৰি শেষ হ'বই লাগিব। নহ'লেই বিপদ।

টকা কেইটা শেষ কৰাৰ অলেখ প্ৰলোভন। দেওবাৰে বাগান বজাৰ মায়াময় হৈ উঠে। ৰঙীন আৱেশত বুৰ গৈ মাতাল হৈ উঠাৰ সকলো ব্যৱস্থা মজুত থাকে বাগান বজাৰত।

সাপ্তাহিক মজুৰীৰ ধন কেইটা পুনৰ কাঢ়ি নিয়াৰ যি কেইটা ব্যৱস্থা সাজু হৈ থাকে, তাৰ অন্যতম হ'ল চুলাই মদ। বাগান বজাৰৰ এক-ডেৰ কিল'মিটাৰ আগৰে পৰা চুলাইৰ দোকান বহে।

চুলাইৰ সৈতে সস্তীয়া খাদ্য। ছাগলীৰ নাড়ী-ভেৰুৰ ভাজী। শামুক, উইছিৰিঙা, পানীপোক আদিও স্থান আৰু খাদ্যাভাষ ভেদে উভৈনদী হৈ থাকে।

বজাৰ পোৱাৰ আগতেই আৰম্ভ হয় চুলাইৰ ৰাগী।  'বাগানীয়া  ভাষাত' হাৰিয়া। হাৰিয়াত আকন্ঠ ডুব গৈ বজাৰ পোৱাৰ পিছত কথাবোৰ বেলেগ হৈ পৰে। হঠাৎ উদাৰ আৰু ধোৱা খূলীয়া হৈ পৰা মানুহবোৰে প্ৰায়েই উভতি যাওঁতে পৰিয়ালৰ সাপ্তাহিক বজাৰখিনিও নিবলৈ পাহৰি যায়। নিলেও বাটতে এৰি থৈ যায়। ঘৰ নাপায়হি। এনেকুৱা নহয় যে কেৱল পুৰুষ সকলেই এই ব্যাধিত আক্ৰান্ত। মহিলা সকলো এই ব্যৱস্থাৰ চিকাৰ হ'য়।

ফলত পিছদিনা পুৱাই কামকাজলৈ যোৱাৰ গত্যন্তৰ নাথাকে।

তেওঁলোকৰ সাপ্তাহিক মজুৰী যাতে সপ্তাহতে শেষ হয় তাৰবাবে দেওবাৰে দিনটোত কি যে প্ৰলোভনে অপেক্ষা কৰি নাথাকে!

ফাঁকি দি অসমলৈ অনাৰ দু:খ পাহৰিবলৈ এদিন তেওঁলোকে সুৰাৰ আশ্ৰয় লৈছিল।

ব্ৰিটিছে সেয়া শোষণৰ আন এক আহিলা কৰি ল'লে। তেওঁলোকৰ হাতত যাতে টকা জমা নাথাকে, খোৱা-পিন্ধাৰ বাহিৰে যাতে আন কমলৈ টকা নাথাকে, সেয়া নিশ্চিত কৰিব পাৰে বাগান বজাৰে। বাগান বজাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰলোভনটোৰ নামেই হ'ল চুলাই মদ।

এই চুলাইৰ বাবে শ্ৰমিকৰ আয়ুস ক'ম। বহুতে পঞ্চাশৰ ঘৰো নোচোৱে। বাগানৰ লাভ।

শিক্ষাৰ হাৰ ক'ম। ল'ৰা ছোৱালী উচ্চ শিক্ষিত হৈ বাহিৰলৈ যাব নোৱাৰে। বাগানে শ্ৰমিক নেহেৰুৱাই। বাগানৰ লাভ।

টকা জমা কৰি কাইলৈ বেলেগ কিবা কাম এটা কৰো বুলি কৰিব নোৱাৰে। বাগানৰ লাভ।

ক'ৰবাত মাটি এটুকুৰা লৈ নিজাকৈ ঘৰ এখন সাজিব নোৱাৰে। বাগানৰ লাভ।

এই লাভৰ বাবেই বাগানে বাগানে চুলাই মদৰ ভাটি। চুলাইৰ বজাৰ।

চুলাই মদ শ্ৰমিকৰ ব্যয়সাধ্য হৈ থকাটো দৰকাৰী। দাম কমাই ৰখাৰ বাবেই অসাধু ব্যবসায়ীয়ে গেলা বেটাৰী (আমি যিবোৰ বেটাৰী পেলাই দিওঁ), পঁচা চেণ্ডেল, ইউৰিয়া, চোৰাটৰ পাত আৰু শেহতীয়াকৈ একাংশ ফাৰ্মাচীত পোৱা টেবলেট (ড্ৰাগছ) ব্যৱহাৰ কৰিবলৈ লৈছে।

সময়ৰ সোঁতত বাগানৰ পৰা আহি গাওঁ সমূহতো চুলাই উভৈনদী হৈ পৰিল।

এই চুলায়ে কালৰূপ লোৱাটো অবধাৰিত আছিল। ভবিষ্যতে অধিক সংহাৰী ৰূপ লোৱাটোও নিশ্চিত। প্ৰতীক্ষা কেৱল সময়ত।

একোখন ঘৰ, একোটা পৰিয়াল, একোটা অঞ্চল চুলাইত জাহ গৈছে। বিষক্ৰিয়াত যদি এশ মৰিছে, শ্ল' পইজনত লাখ লাখ নিশ্চিত মৃত্যুৰ মুখলৈ আগবাঢ়িছে।

ব্ৰিটিছৰ দিনৰেপৰা চক্ৰান্ত চলি আহিছে, ভৱিষ্যতলৈও চলি থাকাব।

বাগান ওচৰৰ পৰা দেখিছো। সকলোফালৰ পৰা শোষণ।

দিলখোলা মানুহবোৰক সকলোৱেই ঠগিছে। জীয়াই জীয়াই কবৰ দিছে বাগানৰ শ্ৰমিকক।

ভাৰষা আটছাৰ ওপৰতে আছিল। সীমাঞ্চল দীগাল সভাপতি আৰু কামাখ্যা প্ৰসাদ তাছা সম্পাদক হৈ থকাৰ সময়ত আটছাৰ হোষ্টেল মোৰ ঠিকনা আছিল।  তেওঁলোকৰ পৰা মই বহুত আশা কৰিছিলো। আজিৰ মন্ত্ৰী পল্লব লোচনৰ পৰাও চাহ জনগোষ্ঠীয়ে বহু পাব বুলি আশা কৰিছিলো।

তেওঁলোকেই নহয়, পিছত আটছাৰ বোকোচাত উঠি বহু লোক নেতা হ'ল। কিন্তু পৰিস্থিতিৰ ক

চুলাই মদ আৰু মদাহী ?

চুলাইৰ কথা অমৃত সমান

১, উদয়াস্ত পৰিশ্ৰম কৰি ৩০০ টকাও বেতন নোপোৱা মানুহে যেতিয়া গম পাব যে তেঁওলোকে ফাৱতে ২৫০০ টকা পাই গল আৰু ইলেকচনৰ আগতে আৰু ২৫০০ টকা পাই যাব ৷ সামান্য শিক্ষা বা অৰ্ধ শিক্ষিত মানুহে যদি কাম নকৰাকৈ ইমান পইচা পাই যায় তেন্তে কৰিব কি? চুলাই নাখাই খাব কি? চাউল চেনীও ফ্ৰি ৷
২, হাতী- মানুহ সংঘাতত যিমান মানুহ মৰিছে তাৰ অধিকাংশই একেটা জনগোষ্ঠীৰ ৷ কাৰণ চুলাই ৷ হাতীৰ ঘ্ৰাণশক্তি তীব্ৰ ৷ সেয়ে লালী গুৰৰ লুভীয়া বন্যহস্তীয়ে গুৰ বিচাৰি চুলাই খোৱাজনৰ ঘৰ বা ভাটীত নিশা প্ৰবেশ কৰে ৷ চুলাইৰ নিচাত নিদ্ৰাৰত বহুজনৰ প্ৰাণ যায় হাতীৰ গচকত ৷
৩, চৰকাৰে পৰম্পৰাগত সুৰাক গুৰুত্ব দিব বা উন্নীত কৰণৰ পোষকতা কৰিব বুলি দিছপুৰত ঘোষণা কৰিবলৈহে পালে ৷ নগৰে চহৰে, অলিয়ে গলিয়ে পৰম্পৰাৰ নামত চুলাইৰ বটল ৰাজপথৰ কাষত থিয় হৈ গল ৷
৪, আবকাৰীয়ে ধৰিবহে পাৰে ৷ ৰাখি থব নোৱাৰে ৷ আইনখন কি?
৫, আবকাৰীয়ে ধৰাজনক লৈ পুলিচে মিছাতে ঝেঙত সোমাব নিবিচাৰে ৷
৬, পেপাৰ দিয়া হকাৰৰ দৰে এতিয়া গ্ৰামাঞ্চলত সুৰাৰ হকাৰ আছে ৷ উঠনাত খাব পৰা বস্তু হলগৈ সুৰা ৷
৭, খেদি খেদি চুলাই বেপাৰীক ধৰা আবকাৰী বিষয়াক কাৰ নিৰ্দেশত তৎকালে বদলি কৰা হয় ৷
৮, এতিয়া চুলাই মদাহীয়ে ঘৈনীয়েকক নকব বুলি ভাবিছে নেকি -- জীৱনত তোক একো দিব নোৱাৰিলো, মদ খাই মৰি যাম !! চৰকাৰে দুই লাখ দিব ৷ তই হাতৰ কাণৰ কেৰু মণি কিনি লবি!
৯, মদ বন্ধ হব বুলি কোনো মুৰ্খই ঘোষণা নকৰে ৷
১০, মদে শতাধিকৰ জীৱন বন্তি নুমুৱাই দিয়াতহে কাৰোবাৰ নিচা ফাটিল ৷ মদাহীৰ বাবে কিমান পৰিয়াল আৰু প্ৰতিবেশীয়ে নিৰ্যাতনৰ মাজেৰে উজাগৰি নিশা কটাইছে তাৰ পৰিসংখ্যা কাৰ ওচৰত আছে? ?
১১, আধ্যাত্মিকতাৰ দীঘল ফোট লোৱা মানুহৰ কিছু নৈতিকতাও থকা উচিৎ ৷
দেশ- সমাজ ৰসাতলে যাওক ৷ কাৰ কি আহে যায় ৷ চুলাই খোৱাই থাকিলেই যদি ৰজা হৈ থাকিব পাৰি ৷

শিক্ষক আৰু শিক্ষা - এক ব্যক্তিগত চিন্তা।

কিছুদিন আগতে কৰ্মক্ষেত্ৰৰ ওচৰতে অনুষ্ঠিত হোৱা শিক্ষাবিষয়ক আলোচনা-চক্ৰ এখনলৈ বিদ্যালয়ৰ তৰফৰ পৰা আকস্মিকভাৱে যাবলগীয়া হৈছিল ৷ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে সভাখন ভৰি আছিল ৷ কিন্তু উপস্থিত বেছিভাগেই হয়তো সভাখনৰ বিষয়বস্তু অথবা উদ্দেশ্যৰ বিষয়ে জ্ঞাত নাছিল ৷ সেয়েহে বক্তাৰ সুন্দৰ ভাষণেও তেওঁলোকক আকৰ্ষণ কৰিব পৰা নাছিল ৷ আমি গৈ পাওঁতে এগৰাকী বক্তাই তথ্যসহকাৰে ভাৰতৰ বৰ্তমান শিক্ষা ব্যৱস্থাৰ বিষয়ে ৰসালভাৱে কৈ আছিল ৷ তেওঁৰ ভাষণ সম্পূৰ্ণকৈ শুনাৰ সুযোগ নাপালো ৷ কিন্তু যিখিনি শুনিলো,সেইখিনিয়ে মন চুই গ'ল ৷ তেওঁ কৈছিল -"চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে কয়, "চাৰ,শিক্ষক হ'বলৈ আহি ৰান্ধনিহে হ'লো ৷ চাউল-দাইলৰ হিচাপ কৰি থাকোতেই যায় ৷"
      অসমৰ প্ৰতাপশালী মন্ত্ৰী এগৰাকীয়ে এবাৰ কেইখনমান বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক মাতি নি ৰাজহুৱাভাৱে অপমান কৰাৰ দৃশ্য টেলিভিছন চেনেলৰ জৰিয়তে প্ৰচাৰিত হৈছিল ৷ কাৰণ আছিল সেই বিদ্যালয় কেইখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ হয়, শিক্ষা ব্যৱস্থা লাগিলে যেনেকুৱাই নহওঁক, শিক্ষকৰ ওপৰত দোষ জাপি দিয়াটো অতি সহজ ৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক উন্নয়ন কেৱল শিক্ষকসকলৰ পাঠদানৰ ওপৰতহে নিৰ্ভৰশীল নে ?
       চৰকাৰীয়েই হওঁক বা বেচৰকাৰীয়েই হওঁক,এখন বিদ্যালয়ত বিভিন্ন প্ৰকাৰৰ ছাত্ৰ-ছাত্ৰী থাকে ৷ তেওঁলোক ভিন্ন ভাষাভাষী,তেওঁলোক ভিন্-ভিন্ সামাজিক পৰিৱেশৰ পৰা অহা,তেওঁলোকৰ বুদ্ধিমত্তাও ভিন্-ভিন্ ৷ সকলো ছাত্ৰ-ছাত্ৰীকে ৩০ বা ৪০ মিনিটৰ ক্লাছ এটাত ক্ষন্তেকতে পাৰদৰ্শী কৰি তোলা সম্ভৱ নে ? শিক্ষকে যিমানেই চেষ্টা নকৰক কিয়, কেতিয়াও এটা শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীকে সমানে পাৰ্গত কৰি তুলিব নোৱাৰে ৷ নিজৰ অভিজ্ঞতাৰ পৰা কওঁ,Internship ৰ কালছোৱাত কিছুমান এনে ছাত্ৰ-ছাত্ৰী লগ পাইছিলো,যিসকলে অষ্টম-নৱম শ্ৰেণীত পঢ়িও ২০ ৰ পৰা ১লৈ ওলোটাকৈ গণনা কৰিব নোৱাৰে ৷ শিক্ষকে কি কৰিব ? প্ৰচলিত শিক্ষা ব্যৱস্থামতেতো অষ্টম শ্ৰেণীলৈ কোনো শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈ থাকিব নোৱাৰে ! এতিয়া সেইসকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে যদি দাবী কৰে,যে আমাৰ ল'ৰা-ছোৱালীয়ে মেট্ৰিকত গণিতত ৯০ ৰ ওপৰত পাবই লাগিব, সেয়া সম্ভৱ হ'ব নে ? এয়া মাত্ৰ এটা উদাহৰণহে ৷ কথাটো ব্যক্তিগত আৰু চৰকাৰী উভয় মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য ৷
        বাস্তৱ ক্ষেত্ৰখন পৃথক,প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ ৷ সমালোচনা কৰাটো উজু ৷ ব্যৱহাৰিক ক্ষেত্ৰখনলৈ আহি সমস্যাবিলাক চালি-জাৰি চাই সমাধান উলিওৱাটোহে কঠিন ৷ এসপ্তাহ বা এমাহৰ ভিতৰত চমৎকাৰ নঘটে ৷ শিক্ষকসকল পথ প্ৰদৰ্শকহে,ঈশ্বৰ নহয় ৷