দিপাংকৰ চৌধুৰী৷
ভৱানীপুৰ, বৰপেটা৷
মোৰ এটা বহুদিনীয়া হেঁপাহ! বন্ধুবোৰৰ সৈতে বঙাইগাঁওস্থিত নাককাটি পাহাৰ বগাই শিখৰত উপনীত হোৱা আৰু তাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰা ,লগত এটা হেঁপাহ নতুনকৈ সংযোজন হৈছিল চিৰাং জিলাৰ আই নদীৰ পাৰত আয়োজন কৰা দৈজিং (নদী) উৎসৱত পোন প্ৰথমবাৰৰ বাবে আগমণ ঘটা হেলিকপ্টাৰত উঠাৰ অনুভৱ লোৱা ৷ গতিকে,ফোনযোগে হেলিকপ্তাৰৰ টিকত ২৮/১২/২০১৭ ইং তাৰিখত বুক কৰি একেলগে দুইটা হেপাহ পুৰণ কৰিম বুলি ঠিৰাং কৰি লৈ ২৭/১২/২০১৭ ইং তাৰিখে ভৱানীপুৰৰ পৰা এজন ভাইটিৰ লগত মোৰ বাইকেৰে বঙাইগাওলৈ যাত্ৰা আৰম্ভ কৰিলো ৷ৰাতিপূৱা ৮ বজাতেই ওলাইছিলো যদিও কিছু সমস্যাৰ বাবে যাত্ৰা ৯ বাজাত আৰম্ভ হৈছিল ৷ প্ৰায় ১১:৩০ বজাত আমি বঙাইগাঁও গৈ পাও আৰু তাত আমাৰ বাবে ৰৈ থকা বন্ধু সুমিত আৰু তাৰ বন্ধু নৱ আৰু নৱৰ ভাইটিক লগ পাওঁ ৷ সুমিত আৰু নৱ একেলগে বঙাইগাওঁ কলেজত শিক্ষকতা কৰে আৰু নৱৰ ভাইটি বজালী কলেজৰ ছাত্ৰ ৷ সিহঁতে আমাক নাককাটি পাহাৰৰ কাষলৈ লৈ যায় ৷
নাককাটি পাহাৰ পোৱাৰ কিছু আগেয়ে এখন জৰাজীৰ্ণ বাহঁৰ দলঙেৰে বৰ বিপদসংকুলভাৱে এখন এখনকৈ আমাৰ বাইকবোৰ পাৰ কৰো ৷ পাহাৰৰ কাষত গৈ পোৱাৰ পিছত স্থানীয় ডেকা কেইজনমানে তৈয়াৰ কৰা বাইক পাৰ্কিংত বাইককেইখন পাৰকিং কৰো ৷ বন্ধু নৱ আৰু তাৰ ভাইটিএ আমাক বাট দেখুৱাই আগুৱাই লৈ যায় ৷ তাৰ পিছত আমাৰ আৰম্ভ হয় দুঃসাহসিক যাত্ৰা ৷
আমাৰ দেহৰ নিয়ন্ত্ৰন ৰাখিবলৈ আমাৰ হাতত আছিল একোডালকৈ লাঁঠি ৷ লুংলুঙীয়া, থিয়, পাহাৰীয়া শিলেৰে ভৰি থকা ৰাস্তাটো বৰ বিপদসংকুল আছিল ৷ অসাৱধানৱসত ভৰি পিচল খালে তাৰ পৰিণাম কি হ'ব ভাবিয়েই বুকু কঁপি উঠে ৷ এনেকৈ কিছুুদূৰ গৈ আমি আমাৰ লগত লৈ যোৱা বিস্কুত ,পানী ,কল, কণী, কেক ইত্যাদি খাই কিছু জিৰণি লৈ পুনৰ যাত্ৰা আৰম্ভ কৰো ৷ এনেকৈ গছৰ ঠাল-ঠেঙুলি, শিল ইত্যাদিত ধৰি কোনোমতে প্ৰথম পাহাৰখন পাৰ হওঁ ৷ ভাগৰত লেবেজান হৈ আমি প্ৰথম পাহাৰখনৰ ওপৰত স্থানীয়লোকে পৰ্যটকৰ সুবিধাৰ্থে অস্থায়ীভাৱে নিৰ্মান কৰা চাংঘৰ এটাত কিছুসময় জিৰণি লওঁ ৷
আমাৰ দেহৰ নিয়ন্ত্ৰন ৰাখিবলৈ আমাৰ হাতত আছিল একোডালকৈ লাঁঠি ৷ লুংলুঙীয়া, থিয়, পাহাৰীয়া শিলেৰে ভৰি থকা ৰাস্তাটো বৰ বিপদসংকুল আছিল ৷ অসাৱধানৱসত ভৰি পিচল খালে তাৰ পৰিণাম কি হ'ব ভাবিয়েই বুকু কঁপি উঠে ৷ এনেকৈ কিছুুদূৰ গৈ আমি আমাৰ লগত লৈ যোৱা বিস্কুত ,পানী ,কল, কণী, কেক ইত্যাদি খাই কিছু জিৰণি লৈ পুনৰ যাত্ৰা আৰম্ভ কৰো ৷ এনেকৈ গছৰ ঠাল-ঠেঙুলি, শিল ইত্যাদিত ধৰি কোনোমতে প্ৰথম পাহাৰখন পাৰ হওঁ ৷ ভাগৰত লেবেজান হৈ আমি প্ৰথম পাহাৰখনৰ ওপৰত স্থানীয়লোকে পৰ্যটকৰ সুবিধাৰ্থে অস্থায়ীভাৱে নিৰ্মান কৰা চাংঘৰ এটাত কিছুসময় জিৰণি লওঁ ৷
তাত তেওঁলোকে অৰ্ডাৰ অনুযায়ী ভাত বনাই বিক্ৰি কৰে যদিও সিদিনাখন তেওলোকে দোকানখন বন্ধ ৰাখিছিল৷ প্ৰথমখনতকৈ দ্বিতীয়খন পাহাৰৰ যাত্ৰাপথ আৰু বেছি বিপদসংকুল হ'ব ধৰিল ৷ লাহে লাহে পঠবোৰ থিয় হ'বলৈ ধৰিলে ৷ কেইখোজমান আগবাঢ়িয়ে ভাগৰত আগবাঢ়িব নোৱাৰা হ'লো ৷ অদম্য হেঁপাহ আৰু উদ্যমত আমি হাৰ নামানিলো ৷ গৈয়েই থাকিলো ৷ গৈ গৈ দ্বিতীয়খন পাহাৰ পাৰ হৈ তৃতীয়খন পাহাৰ অৰ্থাৎ আমাৰ মূল লক্ষ্যস্থানৰ দাঁতি পাওঁ ৷ শৰীৰে নোৱাৰে, উদ্যমে হাৰ নামানে! উশাহ চুটি, অৱশ শৰীৰ আৰু প্ৰচণ্ড আত্মবিশ্বাসী মনবোৰ লৈ পুনৰ আগবাঢ়িব ধৰিলো ৷ এৰি থৈ অহা পথবোৰৰ তুলনাত নতুন পথবোৰ অধিক দূৰ্গম হৈ পৰিল! বাৰে বাৰে পিচলি পৰিব খোজো ৷ বন্ধু নৱৰ মনোবল আৰু উদ্যমৰ সাহসতে আমি আগবাঢ়ি থাকিলো ৷ অক্সিজেনৰ পৰিমান কিছু কমাৰ বাবেই হয়তো কেইখোজমান গলেই ভাগৰি পৰিছিলো আমি! পিয়াহত অন্ঠ-কণ্ঠ শুকাই গৈছিল ৷ হৃদস্পন্দন খৰতকীয়া হৈছিল ৷ মুঠতে আৰু আগনাবাঢ়ে খোজ…! কিছু জিৰণি লৈ মনত উদ্যমৰ জোৱাৰ আনি চিঞৰি উঠো আৰু আগবাঢ়ো ৷ কিছুদূৰ গৈ আৰু ৰৈ যাওঁ ৷ আগবাঢ়িলেই খোজবোৰ পিছুৱাই আহিব খোজে! অলপ আগবাঢ়িয়ে গছ এডালত দেহটো এৰি দি অলপ ভাগৰ কমাও, আৰু আগবাঢ়ো ৷ যেন গৈ নাপামহে! এনেদৰে কিছুদূৰ যোৱাৰ পিছত আমাৰ আগে আগে যোৱা দল এটিৰ আনন্দোল্লাসৰ কিৰিলি শুনিবলৈ পালো ৷
সিহঁতৰ চিঞৰবোৰ শুনিয়েই প্ৰচুৰ উদ্যমমেৰে আগবাঢ়ি গৈ আমি প্ৰায় আঢ়ৈ ঘন্টাৰ অন্তত নাককাটি পাহাৰৰ শিখৰত গৈ উপস্থিত হওঁ ৷ ভাগৰত অৱশ শৰীৰ, মনত সফলতাৰ আনন্দ ৷ অলপসময় জিৰণি লৈ বন্ধুবৰ্গৰ সৈতে আনন্দোল্লাস কৰিলো ৷ মনৰ আনন্দতে চিঞৰিলো ৷ কথাৰে বুজাব নোৱাৰা এটা পৰিৱেশ ৷নাককাটি পাহাৰৰ শিখৰত বহি ফটো উঠিলো ৷ বন্ধু বৰ্গকো ফটো তুলিলো ৷
প্ৰায় ২ ঘন্টামান সময় আমি তাত কটাই অহাবাটেই আমি উভটিব সিদ্ধান্ত ললো যদিও তা়ত আগতে কেইবাবাৰো যোৱা বন্ধু নৱৰ নাক-কাটিৰ পৰা সূৰ্য্য অস্ত যোৱা দৃশ্য চোৱাৰ হেপাহৰ কথা আমাক জনালে ৷ তাৰ কথাত আমিও সহমত দিলো আৰু কথামতে কাম৷ সময়বোৰ বাগৰাৰ লগে লগে বেলিটো লাহে লাহে আমাৰ চকুৰ আগৰ পৰা নাইকিয়া হৱ ধৰিলে ৷ সচাকৈ সেই দৃশ্য আছিল অতিকে মনোমোহা৷
সকলোখিনি প্ৰাকৃতিক দৃশ্য উপোভোগ কৰি আমাৰ উভতি অহাৰ সময় হৈছিল ৷ আমাৰ কাৰণে নাক কাটিৰ ঠিয় পাহাৰৰ পৰা আন্ধাৰনিশা খোজকাঢ়ি নামি অহাটো পাহাৰ বগোৱাতকৈও বেছি ভয়ানক হৈ উঠিছিল ৷ খোজবোৰৰ নিয়ন্ত্ৰন ৰখাটো বৰ কষ্টকৰ৷ ইতিমধ্যে আন্ধাৰ হৈছিল, আমি সকলোৱে এখন হাতত মোবাইলত টৰ্চ জলাই লৈ আৰু আনখন হাতত লাঠিডাল লৈ তললৈ নামিবলৈ আৰম্ভ কৰিলো ৷
নামি অহাৰ সময়ত আমাৰ লগত পাণী অলপো নাছিল আৰু ১ ঘন্টা একেৰাহে নামি অহাৰ ফলত অত্যাধিক পিয়াহ লগা কাৰণে পাহাৰৰ মাজেৰে বৈ অহা নিজৰাৰ পানীয়ে খাইছিলো৷
উভতি অহাৰ সময়তো আমি বহুবাৰ জিৰণি লৈছো আৰু প্ৰায় ২ ঘন্টা পিছত আহি পাহাৰৰ তল পাইছো আৰু এনেদৰেই আমি জীৱনৰ এটি দুঃসাহসিক অভিজ্ঞতাৰ সাক্ষী হৈ ৰৈছিলো৷
নিশা সুমিতৰ ঘৰত (বঙাইগাওঁ) কটাই ২৮/১২/২০১৭ ত ৰাতিপুৱা ১০ বজাত আই নদীৰ পাৰত সুমিত আৰু মোৰ লগত যোৱা ভাইটিজনৰ সৈতে উপস্হিত হওঁ৷ তাত অস্হায়ী টিকট ঘৰত টিকটৰ টকা জমা দি সুমিত আৰু মই জীৱনৰ প্ৰথম বাৰৰ বাবে হেলিকপ্টাৰত উঠো৷ ভাগ্যৰ কাৰণে হয়তো মই অকলে পাইলতৰ ওচৰত বহিব সুবিধা পাইছিলো৷ হেলিকপ্টাৰত উঠাৰ একমাত্ৰ হেপাহৰ কাৰণ জীৱণত প্লেনত উঠা সুবিধা পিছত বহুত পাই থাকিম কিন্তু হেলিকপ্টাৰত উঠা সুবিধা অকল মন্ত্ৰী হলেহে পাম এনেকুৱা কিছুমান চিন্তা কৰিছিলো৷ হেলিকেপ্টাৰেৰে আমাক প্ৰথমে ভূটান পাহাৰ পিছত বঙাইগাওঁ ৰিফাইনেৰী, মানাস অভয়াৰণ্য আৰু কলামাটি নামৰ বনভোজ থলী এখনৰ ওপৰে ওপৰে লৈ যায় লগতে আই নদী, পথাৰ আৰু ৰাস্ত্ৰীয় ঘাই পথৰ ওপৰেদি ঠাই বিলাক দেখুৱাই লৈ যায় ৷ হেলিকপ্টাৰত উঠা মানুহ প্ৰথম দিনাখন খুবেই সেৰেঙা আছিল, গতিকে পাইলট জনে আমাক অতিৰিক্ত ভাৱে বহুত দুৰলৈ লৈ গৈছিল৷ ওপৰৰ পৰা ঠাইবিলাক চাব সচাকৈ বহুত আকৰ্ষণীয় বিষেশকৈ পাহাৰ, নদী, পথেৰে গৈ থকা গাড়ী আৰু লগতে ঘৰ বিলাক ৷ ইমানখিনি ঠাই আমি বাইক বা গাড়ীৰে ভ্ৰমন কৰি ১ দিনত চোৱাটো একেবাৰে অসম্ভৱ ,কিন্ত হেলিকপ্টাৰত মাত্ৰ ২০ মিনিটৰো কম সময়ত সকলোখিনি সম্ভৱ হৈ উঠিছে৷
Video Recording From Helicopter:
নাককাটি পহাৰ আৰু হেলিকপ্টাৰৰ অনুভৱ চিৰস্মৰণীয় হৈ ৰব কিয়নো একেলগে দুটা দিনত দুটা বিপৰীত দুশত অনুভৱ পাইছিলো ৷ এফালে কস্ট আৰু পদে পদে বিপদৰ সম্মুখীন হৈ গন্তব্য স্হানত উপনীত হোৱাৰ আনন্দ আৰু আনফালে ওপৰে ওপৰে হেলিকপ্টাৰত উঠি মন্ত্ৰী, জন-প্ৰতিনিধিৰ নিচিনাকৈ বানপিড়ীতৰ বুজ লোৱা, যত নাই কোনোধৰণৰ প্ৰকৃতিৰ লগত আত্মীয়তা আছে মাথো যান্ত্ৰিকতা ৷
No comments:
Post a Comment