Followers

Sunday 28 January 2018

বেংকত টকা জমাকৰ্তা এতিয়া সাৱধান হওক!

FRDI Bill -2017

 দিপাংকৰ চৌধুৰী
ভৱানীপুৰ, অসম ৷
FRDI ৰ সম্পূৰ্ণ নাম হ'ল Financial Resolution and Deposite Insurance Bill-2017 . ২০১৭ বৰ্ষৰ বৰ্ষকালীন অধিৱেশনত সংসদত এই বিলখন উত্থাপন কৰা হৈছিল যদিও বিৰোধীৰ চাপত এই বিলখন বিধান  সভাৰ যৌথ সংসদীয় কমীতিৰ তত্তাৱধনাত পৰ্যৱেক্ষন কৰি থকা হৈছে৷  কমীতিৰ কাম সম্পূৰ্ণ হোৱা পিছত এই বিলখন পুনৰ সংসদত উত্থাপন হ'ৱ আৰু আশা কৰা হৈছে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উভয় সদনত অনুমোদন লাভ কৰিলে বিল খনে দেশত এখন আইন হিচাপে স্বীকৃতি পাব৷ 
       এতিয়া আহো মূল কথালৈ যে এই বিলখনত কি আছে আৰু ইয়াৰ মূল উদ্দেশ্য কি! বিলখনৰ মূল উদ্দেশ্য হ'ল যিকোনো বিত্তীয় প্ৰতিস্হানৰ (বেংক,ইনস্সুৰেন্স কোম্পানী,  স্তক এক্সেন্জ) ওপৰত তেওলোকৰ বিত্তীয় পৰিস্হিতিৰ ওপৰত নজৰ ৰখা ৷ ইয়াৰ অৰ্থ হ 'ল প্ৰতিস্হানৰ আৰ্থিক দূৰ্বল পৰিস্হিতিত জমাকৰ্তা গ্ৰাহকৰ টকাৰে সেই প্ৰতিস্হানৰ পৰিস্হিতি সাধাৰণ অৱস্হালৈ ঘূৰাই অনা অথবা উদ্ধাৰ কৰা৷ গ্ৰাহকৰ টকাৰে প্ৰতিস্হানটো উদ্ধাৰ কৰা প্ৰক্ৰিয়াটোক Bail-in কয় অৰু চৰকাৰী টকাৰে তেনেকুৱা প্ৰতিস্হানক উদ্ধাৰ কৰা প্ৰক্ৰিয়াক Bail-Out বুলি কোৱা হয় ৷ অৰ্থাৎ প্ৰতিষ্ঠানৰ দূৰ্বল বিত্তিয পৰিস্হিতি সাপেক্ষে আপোনাৰ বেংকত জমা থকা ধন আপুনি সময়ত ঘূৰাই নাপাব পাৰে ৷ বেংক কৰ্তৃপক্ষই আপোনাৰ টকা অপোনাৰ অনুমতি অবিহনে তেওলোকৰ সুবিধা মতে এক দীঘলীয়া সময়ৰ কাৰণে Fix Deposit কৰি দিব আৰু আপুনি কোনো আইনী ব্যৱস্হা হাতত লব নোৱােৰ  কাৰণ FRDI Bill খনে তেওলোকক সেইখিনি অধিকাৰ প্ৰদান কৰিব ৷


 এই বিলখন চৰকাৰে সংসদৰ মজিয়াত অনাৰ মূলতে হ'ল, দেশৰ প্ৰায় বিলাক বেংকৰ এতিয়া NPA (Non-performing Assets) বহুত  বাহি গৈছে অথাৎ বিজয় মালিয়াৰ নিচিনা কিছুমান বনিক গোষ্ঠীৰ  লোকক বেংক বিলাকে বহুত হাজাৰ কৌটি টকা চৰকাৰী হেচাত লোন হিচাপে আগতে দি দিছে  যাৰ পৰা বেংক বিলাকে কোনো সুত বা মূল ঘূৰাই পোৱা নাই ৷ এনেকুৱা লোনৰ পৰিমান বহুত লাখ কৌটি টকা৷ এতিয়া বেংক বিলাক উদ্ধাৰৰ স্বাৰ্থ দেখুৱাই চৰকাৰ খনে এনেকুৱা লোন পৰিশোধ নকৰা ব্যক্তিৰ পৰা ধন ওভতাই অনাৰ পৰিবৰ্তে সাধাৰণ নাগৰিকৰ ওপৰত এনেকুৱা বিল এখন জাপি দিব ওলাৱাটো অতিকে দুৰ্ভাগ্যজনক ৷



 উল্লেখনীয় যে ২০১৭ বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো এনেকুৱা এখন বিল চৰকাৰে গৃহীত কৰিছে যাৰ দ্বাৰা দূৰ্ণীতি কৰিব এতিয়া অধিক সুবিধা হৈছে৷ চৰকাৰখনৰ যোৱা বছৰৰ কাম কাজৰ ওপৰত নজৰ দিলে দেখা পাও যে প্ৰথমে কৰিলে জন ধন য়োজনা , তাৰ পিছত বিমুদ্ৰাকৰণ , যাৰ কাৰণে সকলো শ্ৰেণীৰ মানুহে বেংকত ধন জমা থব বাধ্য হ'ল আৰু এতিয়া FRDI Bill ,আপোনাৰ জমা টকা আৰু ধনৰ ওপৰত চৰকাৰী নজৰ৷ আজিকালি প্ৰায় বিলাক চৰকৰী হাতত বিক্ৰী যোৱা বাতৰি চেনেলত এনেকুৱা প্ৰয়জনীয় বাতৰি পৰিৱেশন কেতিয়াও নকৰে ৷ তেওলোকৰ চেনেলত Black Money, GDP, Unemployment, Farmer's Suicide, Make In India , GST ৰ ওপৰত আলোচোনা হোৱা দেখা নাপাও৷ আমি সাধাৰণ নাগৰিক বিলাক TVত হিন্দু মুছলমান,  ভাৰত পাকিস্তান, চীন ভাৰত,  গৌ মাংস, উত্তৰ কোৰিয়াৰ ৰজাৰ বৰ্বৰ কাহানীৰ নামত সন্ধিয়াৰ Prime Timeৰ বতৰি চাই চাই প্ৰকৃত বিষয় বিলাকৰ পৰা বহু দুৰত থাকি যাও৷ আমি সকলোৱে চৰকাৰী কাম কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা উচিত যাতে দেশৰ সকলো ব্যৱস্হা সুষ্ঠিৰ থাকে আৰু চৰকৰী ব্যৱস্হাৰ ওপৰত অনাগত দিনবোৰতো বিশ্বাস বৰ্ত্তী থাকে ৷









No comments:

Post a Comment